November 24, 2014

এজন অভিজ্ঞ আলোকচিত্ৰ শিল্পীৰ মনৰ কথা।

অসমৰ সকলোৰে পৰিচিত ফটোগ্ৰাফাৰ বিক্ৰমজিৎ কাকতীৰ ফেচবুকৰ পাতত লিখা এই লিখনিটো তেখেতৰ অনুমতি সাপেক্ষে ইয়াতো প্ৰকাশ কৰিলো।তেখেতলৈ ধন্যবাদ।
---------------------------------------------------------------------------------


মোৰ মনৰ কথা 
     

     অসমত ফটোগ্ৰাফী জনপ্ৰিয় হৈ অহাটো শুভ লক্ষণ । ফটোগ্ৰাফাৰ যিমানেই বাঢ়িব সিমানেই প্ৰতিযোগিতা বাঢ়িব ।
বাস্তব পৰিস্থিতিত দেখা গৈছে যে যি হাৰত কেমেৰা বিক্ৰী হৈছে আৰু নতুন নতুন লোকে ফটো তুলিবলৈ শিকিছে সেই অনুপাতে আমাৰ আন্তৰ্জাতিক পৰ্যায়ৰ ফটো নাই | ই এক চিন্তনীয় বিষয় । 
বিগত 3 বছৰত আমাৰ ইয়াত কেমেৰাৰ বিক্ৰী পূৰ্বত কৈ ২গুণত কৈ অধিক হ’ল , কিন্তু National Geographicৰ দৰে অনুস্থান বোৰত বিগত ৩ বছৰত আমাৰ ইয়াৰ ফটো বোধকৰো ৩০ খনত কৈ বেছি প্ৰকাশ হোৱা নাই । বহুতেই মোক প্ৰশ্ন কৰিব যে National Geographicত প্ৰকাশ পালে হে ফটো নেকি ? আনবোৰ কি ফটো নহয় ? হয় কিয় নহয় , ম‍ই মাথো এটা উদাহৰণ হে দিছো । কিন্তু National Geographicত ফ’টো প্ৰকাশ পোৱা এক সুকিয়া মাদকতা আছে | থিক যি দৰে World Press Photoত আছে ।

আজিকালি ফটোগ্ৰাফি চেলুন সমূহত আমাৰ ফ’টোগ্ৰাফাৰ সকলে ভাগ লবলৈ আৰম্ভ কৰিছে ই এক শুভলক্ষণ । ম‍ই আশাঁকৰো কেমেৰা হাতত লোৱাৰ প্ৰথম দিনাৰ পৰাই আমাৰ লক্ষ্য আন্তৰ্জাতিক প্ৰতিযগিতা সমূহ হোৱা উচিত । ফটোগ্ৰাফীক প্ৰফেচন হিছাবে ল’ব খোজা সকলে উত্তৰ পূৰ্বত থাকি বিয়া , অন্নপ্ৰাসন্ন আদিত ফটো তোলাতে সীমা বদ্ধ নাথাকি আন্তঃৰ্জাতিক বজাৰ খনলৈয়ো চকুদিয়া উচিত , উত্তৰ পূৰ্বাঞ্চলক প্ৰকৃতিয়ে নিদিয়া বস্তু নাই । প্ৰকৃতিৰ এই উপাদান সমূহ আমি সঠিক quality maintain কৰি যদি ফ’টো তোলো তেনেহ’লে বাহিৰত ভাল মূল্যত বিক্ৰি কৰিব পৰা যায় । আমি এই দিশটো মনোযোগ দিয়া উচিত ।
আৰু এটা কথা ম‍ই ম’ন কৰিছো এক বুজন পৰিমাণৰ জেষ্ঠ্য ফটোগ্ৰাফাৰে উঠিঅহাসকলক শিকাবলৈ ম’ন নকৰে , আনকি ম‍ই ম’ন কৰিছো বহুতেই নতুন সকলক mislead কৰে , discourage কৰে , এইটো ভাল কথা নহয় বুলি ম‍ই ভাবো । আপোনালোকে ম’ন কৰিব PCAত আজিৰ দিনত 32,752 সদষ্য আছে । ইয়াৰ যদি এক শতাংশ সদষ্যৰ অভিজ্ঞতা ৫ বছৰত কৈ অধিক বুলি ধৰা হয় তেনেহ’লে তেনে সদষ্যৰ সংখ্যা হ’ব প্ৰায় ৩২৭ জন, কিন্তু কেইজন অভিজ্ঞ ফটোগ্ৰাফাৰে নবপ্ৰজন্মক সঠিক ৰূপত guide কৰিছে ? তেওঁলোকৰ বহুতেই নিজৰ অস্তিত্ব সংকটত ভোগে । ভাবে নতুন সকলক শিকালে নিজৰ কামবোৰ বেলেগে লৈ যাব .... কিন্তু বিশাল এই পৃথীৱিত ফটোগ্ৰাফীৰ মৰণ নাই । ফটো তোলা কলা কৌশল সময়ে সময়ে সলনি হৈ আহিছে , কিন্তু ফ’টোৰ বজাৰ খনৰো লাহে লাহে পৰিষৰ বাঢ়ি আহিছে। বহু জেষ্ঠ্য ফটোগ্ৰাফাৰে PCAত Sleeping Memberৰ ভূমিকা পালন কৰা দেখা গৈছে .... কিয় এনে হৈছে বাৰু ?
আমি PCA খোলাৰ সময়ৰ নিজকে বহু experienced বুলি ভবা ফটোগ্ৰাফাৰে আমাক হাঁহিছিল আৰু কৈছিল তহঁত দুবিবলৈ বেছি দিন নাই ...... কিন্তু তেওঁলোকৰ অভিসাপক আমি আশিৰ্বাদ বুলি লৈ আগবাঢ়ি গৈছিলো । আজি এই সময়ত মোৰ , PCAৰ অন্যতম কান্ডাৰী ৰাকেশলৈ মনত পৰিছে ... ৰাইজৰ আশিৰ্বাদ আৰু ঈশ্বৰৰ কৃপাত সোনকালে তেওঁ আৰোগ্য হৈ উঠিব বুলি আমি আঁশা ৰাখিছো । ম‍ই মন কৰিছো আমাক আদিতে হঁহা সকলৰ বহুতেই এতিয়া PCAৰ সদষ্য , this is a positive sign | আমি উত্তৰ পূৰ্বৰ ফটোগ্ৰাফী জগৎ খনৰ উন্নতিৰ বাবে অতীতৰ অপ্ৰীয় কথাবোৰ ধৰি নাথাকি একে ল’গে আগবাঢ়ি যোৱাটো যথেষ্ট প্ৰয়োজনীয় ।
অভিজ্ঞ ফটোগ্ৰাফাৰ সকলে নিজৰ অস্তিত্ব সংকট পৰিহাৰ কৰি নবপ্ৰজন্মক উৎসাহিত কৰিব বুলি আশাঁ কৰিলো । আনহাতে ম‍ই অভিজ্ঞ ফটোগ্ৰাফাৰ সকলৰ লগত আলোচনা কৰোতে গ’ম পাইছো যে বহু নবপ্ৰজন্মই শিকালে শিকিব নোখোজে , উল্টাই তৰ্কত হে লিপ্ত হয় .... এনে কৰা অনুচিত , এই কাৰণটোৰ বাবেও বহু জেষ্ঠ ফ’টোগ্ৰাফাৰে Guide কৰিবলৈ নোখোজে । নব প্ৰজন্মই জেষ্ঠজনক সন্মান কৰা উচিত ।
দুনিয়া বহু আগবাঢ়ি গৈ আছে , আমি যদি নিজৰ মাজতেই খোৱা কামোৰাত ব্যাস্ত থাকো তেনেহ’লে কোনোদিনে আমি বিশ্ব দৰবাৰত উত্তৰ পূৰ্বক প্ৰতিস্থা কৰিব নোৱাৰিম । 
গতিকে উপলুঙা কৰা বাদ দি এজনে আনজনৰ হাতত ধৰি আগবঢ়াৰ এয়েই সঠিক সময় ..... 
মোৰ এই অনুভূতি সম্পূৰ্ণ স্বতঃফূৰ্ত , কোনোব্যাক্তিক ম‍ই হেয় কৰিব খোজা নাই | অজথা তৰ্ক বিতৰ্ক নকৰি মোৰ অনুভূতি খিনি অন্তৰেৰে উপলব্ধি কৰিলে ম‍ই ধন্য মানিম । 
শেষত সকলোকৈ শ্ৰদ্ধা থাকিল .......
Come together ….. Let us strike back ……