November 24, 2014

এজন অভিজ্ঞ আলোকচিত্ৰ শিল্পীৰ মনৰ কথা।

অসমৰ সকলোৰে পৰিচিত ফটোগ্ৰাফাৰ বিক্ৰমজিৎ কাকতীৰ ফেচবুকৰ পাতত লিখা এই লিখনিটো তেখেতৰ অনুমতি সাপেক্ষে ইয়াতো প্ৰকাশ কৰিলো।তেখেতলৈ ধন্যবাদ।
---------------------------------------------------------------------------------


মোৰ মনৰ কথা 
     

     অসমত ফটোগ্ৰাফী জনপ্ৰিয় হৈ অহাটো শুভ লক্ষণ । ফটোগ্ৰাফাৰ যিমানেই বাঢ়িব সিমানেই প্ৰতিযোগিতা বাঢ়িব ।
বাস্তব পৰিস্থিতিত দেখা গৈছে যে যি হাৰত কেমেৰা বিক্ৰী হৈছে আৰু নতুন নতুন লোকে ফটো তুলিবলৈ শিকিছে সেই অনুপাতে আমাৰ আন্তৰ্জাতিক পৰ্যায়ৰ ফটো নাই | ই এক চিন্তনীয় বিষয় । 
বিগত 3 বছৰত আমাৰ ইয়াত কেমেৰাৰ বিক্ৰী পূৰ্বত কৈ ২গুণত কৈ অধিক হ’ল , কিন্তু National Geographicৰ দৰে অনুস্থান বোৰত বিগত ৩ বছৰত আমাৰ ইয়াৰ ফটো বোধকৰো ৩০ খনত কৈ বেছি প্ৰকাশ হোৱা নাই । বহুতেই মোক প্ৰশ্ন কৰিব যে National Geographicত প্ৰকাশ পালে হে ফটো নেকি ? আনবোৰ কি ফটো নহয় ? হয় কিয় নহয় , ম‍ই মাথো এটা উদাহৰণ হে দিছো । কিন্তু National Geographicত ফ’টো প্ৰকাশ পোৱা এক সুকিয়া মাদকতা আছে | থিক যি দৰে World Press Photoত আছে ।

আজিকালি ফটোগ্ৰাফি চেলুন সমূহত আমাৰ ফ’টোগ্ৰাফাৰ সকলে ভাগ লবলৈ আৰম্ভ কৰিছে ই এক শুভলক্ষণ । ম‍ই আশাঁকৰো কেমেৰা হাতত লোৱাৰ প্ৰথম দিনাৰ পৰাই আমাৰ লক্ষ্য আন্তৰ্জাতিক প্ৰতিযগিতা সমূহ হোৱা উচিত । ফটোগ্ৰাফীক প্ৰফেচন হিছাবে ল’ব খোজা সকলে উত্তৰ পূৰ্বত থাকি বিয়া , অন্নপ্ৰাসন্ন আদিত ফটো তোলাতে সীমা বদ্ধ নাথাকি আন্তঃৰ্জাতিক বজাৰ খনলৈয়ো চকুদিয়া উচিত , উত্তৰ পূৰ্বাঞ্চলক প্ৰকৃতিয়ে নিদিয়া বস্তু নাই । প্ৰকৃতিৰ এই উপাদান সমূহ আমি সঠিক quality maintain কৰি যদি ফ’টো তোলো তেনেহ’লে বাহিৰত ভাল মূল্যত বিক্ৰি কৰিব পৰা যায় । আমি এই দিশটো মনোযোগ দিয়া উচিত ।
আৰু এটা কথা ম‍ই ম’ন কৰিছো এক বুজন পৰিমাণৰ জেষ্ঠ্য ফটোগ্ৰাফাৰে উঠিঅহাসকলক শিকাবলৈ ম’ন নকৰে , আনকি ম‍ই ম’ন কৰিছো বহুতেই নতুন সকলক mislead কৰে , discourage কৰে , এইটো ভাল কথা নহয় বুলি ম‍ই ভাবো । আপোনালোকে ম’ন কৰিব PCAত আজিৰ দিনত 32,752 সদষ্য আছে । ইয়াৰ যদি এক শতাংশ সদষ্যৰ অভিজ্ঞতা ৫ বছৰত কৈ অধিক বুলি ধৰা হয় তেনেহ’লে তেনে সদষ্যৰ সংখ্যা হ’ব প্ৰায় ৩২৭ জন, কিন্তু কেইজন অভিজ্ঞ ফটোগ্ৰাফাৰে নবপ্ৰজন্মক সঠিক ৰূপত guide কৰিছে ? তেওঁলোকৰ বহুতেই নিজৰ অস্তিত্ব সংকটত ভোগে । ভাবে নতুন সকলক শিকালে নিজৰ কামবোৰ বেলেগে লৈ যাব .... কিন্তু বিশাল এই পৃথীৱিত ফটোগ্ৰাফীৰ মৰণ নাই । ফটো তোলা কলা কৌশল সময়ে সময়ে সলনি হৈ আহিছে , কিন্তু ফ’টোৰ বজাৰ খনৰো লাহে লাহে পৰিষৰ বাঢ়ি আহিছে। বহু জেষ্ঠ্য ফটোগ্ৰাফাৰে PCAত Sleeping Memberৰ ভূমিকা পালন কৰা দেখা গৈছে .... কিয় এনে হৈছে বাৰু ?
আমি PCA খোলাৰ সময়ৰ নিজকে বহু experienced বুলি ভবা ফটোগ্ৰাফাৰে আমাক হাঁহিছিল আৰু কৈছিল তহঁত দুবিবলৈ বেছি দিন নাই ...... কিন্তু তেওঁলোকৰ অভিসাপক আমি আশিৰ্বাদ বুলি লৈ আগবাঢ়ি গৈছিলো । আজি এই সময়ত মোৰ , PCAৰ অন্যতম কান্ডাৰী ৰাকেশলৈ মনত পৰিছে ... ৰাইজৰ আশিৰ্বাদ আৰু ঈশ্বৰৰ কৃপাত সোনকালে তেওঁ আৰোগ্য হৈ উঠিব বুলি আমি আঁশা ৰাখিছো । ম‍ই মন কৰিছো আমাক আদিতে হঁহা সকলৰ বহুতেই এতিয়া PCAৰ সদষ্য , this is a positive sign | আমি উত্তৰ পূৰ্বৰ ফটোগ্ৰাফী জগৎ খনৰ উন্নতিৰ বাবে অতীতৰ অপ্ৰীয় কথাবোৰ ধৰি নাথাকি একে ল’গে আগবাঢ়ি যোৱাটো যথেষ্ট প্ৰয়োজনীয় ।
অভিজ্ঞ ফটোগ্ৰাফাৰ সকলে নিজৰ অস্তিত্ব সংকট পৰিহাৰ কৰি নবপ্ৰজন্মক উৎসাহিত কৰিব বুলি আশাঁ কৰিলো । আনহাতে ম‍ই অভিজ্ঞ ফটোগ্ৰাফাৰ সকলৰ লগত আলোচনা কৰোতে গ’ম পাইছো যে বহু নবপ্ৰজন্মই শিকালে শিকিব নোখোজে , উল্টাই তৰ্কত হে লিপ্ত হয় .... এনে কৰা অনুচিত , এই কাৰণটোৰ বাবেও বহু জেষ্ঠ ফ’টোগ্ৰাফাৰে Guide কৰিবলৈ নোখোজে । নব প্ৰজন্মই জেষ্ঠজনক সন্মান কৰা উচিত ।
দুনিয়া বহু আগবাঢ়ি গৈ আছে , আমি যদি নিজৰ মাজতেই খোৱা কামোৰাত ব্যাস্ত থাকো তেনেহ’লে কোনোদিনে আমি বিশ্ব দৰবাৰত উত্তৰ পূৰ্বক প্ৰতিস্থা কৰিব নোৱাৰিম । 
গতিকে উপলুঙা কৰা বাদ দি এজনে আনজনৰ হাতত ধৰি আগবঢ়াৰ এয়েই সঠিক সময় ..... 
মোৰ এই অনুভূতি সম্পূৰ্ণ স্বতঃফূৰ্ত , কোনোব্যাক্তিক ম‍ই হেয় কৰিব খোজা নাই | অজথা তৰ্ক বিতৰ্ক নকৰি মোৰ অনুভূতি খিনি অন্তৰেৰে উপলব্ধি কৰিলে ম‍ই ধন্য মানিম । 
শেষত সকলোকৈ শ্ৰদ্ধা থাকিল .......
Come together ….. Let us strike back ……

October 4, 2014

দুৰ্গা পূজা_২০১৪

পূজাৰ কিছুমান ভাল লগা দৃশ্য...


































June 17, 2014

কেমেৰা কিনিব নেকি ?

       
  বৰ্তমান সময়ত ফটোগ্ৰাফী এটা নিচাৰ লগতে পেচা হিছাপেও বেচ জনপ্ৰিয় ঘৰৰ ভিতৰত অনুস্থিত বিভিন্ন অনুস্থান বা বাহিৰত পিকনিক, সাংস্কৃতিক অনুষ্ঠান ইত্যাদিত ফটো তোলাতো এতিয়া যেন অপৰিহাৰ্য্য হৈ পৰিছে বহু সময়ত হাতত থকা মোবাইল ফোনটোৱেও কেমাৰাৰ চাহিদা পুৰণ কৰিব লগা হৈছে এনেবোৰ কাৰণতে এটা কেমেৰাৰ প্ৰয়োজন অনুভব হয় বহুতৰে কিন্তু ইয়াতে এটা সমস্যাই দেখা দিয়ে বজাৰত পোৱা বহুতো সুন্দৰ সুন্দৰ কেমেৰাৰ মাজৰ পৰা এটা কেমেৰা নিৰ্বাচন কৰি পচন্দ কৰা সচাকৈ ই এক মূৰৰ কামোৰনি
কি কেমেৰা কিনিব:

সাধাৰণতে বজাৰত যি বোৰ কেমেৰা পোৱা যায়, সেই সমূহ প্ৰধানকৈ দুই ধৰণৰ এবিধ "পইন্ট এণ্ড চুট" আৰু আনবিধ হৈছে " DSLR" [ Digital Single Lens reflection ]ইয়াৰ ভিতৰত কিন্তু "পইন্ট এণ্ড চুট" কেমেৰা বেছি জনপ্ৰিয় এটা সময়ত এনে কেমেৰাৰ যথেষ্ট দাম আছিল বৰ্তমান এনে কেমেৰাৰ দাম হ্ৰাস হৈ মধ্যবিত্তৰ বাজেটৰ ভিতৰত হৈছেগৈ বিশ্বৰ আগশাৰীৰ নামি দামী কেমেৰা নিৰ্মাতাৰ একোটা কেমেৰা বৰ্তমান ৫/৬ হেজাৰ টকাত পোৱা যায় এনে কেমেৰাৰে বৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত নোহোৱাকৈ ভাল ফটো তুলিব পৰা যায় দক্ষ ফটোগ্ৰাফাৰে অৱশ্যে ডিজিটেল এচ.এল.আৰ কেমেৰাকেই পচন্দ কৰে, কাৰণ এনে কেমেৰাৰে নিজৰ দক্ষতা প্ৰকাশ কৰাৰ সুযোগ বেছি "পইন্ট এণ্ড চুট" কেমেৰা মূলতঃ সাধাৰণ ব্যৱহাৰকাৰী বা যাক আমি "এমেচাৰ ফটোগ্ৰাফাৰ" বুলি কওঁ, তেখেত সকলেই বেছি ব্যৱহাৰ কৰে "পইন্ট এণ্ড চুট" কেমেৰাত প্ৰায় সকলো ফটোগ্ৰাফীক চেটিংচেই কেমেৰাৰ নিজৰ মেমৰীৰ দ্বাৰাই নিয়ন্ত্ৰণ কৰিব পৰা যায়অৰ্থাৎ ফ'কাছ  এক্সপ'জাৰ টাইম, চাটাৰ স্পীড, এপাৰেচাৰ, আই.এচ.'[ISO], ইত্যাদি বিষয় বিলাক কেমেৰাই নিজেই নিয়ন্ত্ৰণ কৰে গতিকে ব্যৱহাৰকাৰীয়ে এইবোৰ বিষয়ত পাৰদৰ্শী নহ'লেও চলে অন্যহাতেদি এচ.এল.আৰ কেমেৰাত এই সকলোবোৰ মেনুৱেলি চেট কৰাৰ সুবিধা আছে কিন্তু তথাপিতো বহুতে এস.এল.আৰ কেমেৰাতো অট''কাছ ব্যৱহাৰ কৰে কাৰণ অট''কাছ ব্যৱস্থা বৰ্তমানৰ কেমেৰা সমুহত ইমানেই উন্নত যে বহু ফটোগ্ৰাফাৰে নিজতকৈও বেছি "অট''কাছ"ৰ ওপৰত বেছি ভৰসা কৰে
আকৌ বহুতো "পইন্ট এণ্ড চুট" কেমেৰাত মেনুৱেল চেটিংচ অপচন থাকে কিছুমান চেমিএচ.এল.আৰ কেমেৰাত ৰিংফ'কাছ সহ প্ৰায় সকলো অপচনেই থাকে এনে কেমেৰা ন-শিকাৰু সকলৰ বাবে বৰ উপযোগী

বৰ্তমান গুৱাহাটীকে আদিকৰি অসমৰ প্ৰধান চহৰ কেইখনত পৃথিবীৰ প্ৰায় সকলো বিখ্যাত নিৰ্মাতাৰ কেমেৰা পোৱা যায় যেনেঃ নাইকন[Nikon], কেনন, চনী, কোডাক, অলীম্পাচ, চেমচাং ইত্যাদি কেননৰ দুই ধৰণৰ পইন্ট এণ্ড চুট কেমেৰা পোৱা যায় এবিধ 'পাৱাৰস্বট'[Power Shot] চিৰিজ আৰু আনবিধ হৈছে ইকচাচ[IXUS] চিৰিজৰ ২য় বিধ আল্ট্ৰা শ্লিম ডিজাইনৰ আৰু দামটো ১ম বিধতকৈ অলপ বেছি তাৰোপৰি আছে বিশ্ব বিখ্যাত ডি.এচ.এল.আৰ ইঅএচ[DSLR EOS] চিৰিজৰ কেমেৰা .এস.এল.আৰ কেমেৰাৰ ক্ষেত্ৰত কেননৰ মুল প্ৰতিদ্বন্দ্বী হৈছে নাইকন অৱশ্যে "পইন্ট এণ্ড চুট" কেমেৰাৰ ক্ষেত্ৰত নাইকন আৰু চনী উভয়ৰে সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছেগৈ চেমি এচ.এল.আৰ লেভেলৰ কেমেৰাৰ ভিতৰত চনী, কোডাক আৰু পেনাচনীকৰ বিভিন্ন মডেল পোৱা যায় চনীৰ "পইন্ট এণ্ড চুট" কেমেৰা হৈছে চাইবাৰ স্বট চিৰিজৰএই কেমেৰাও বিশ্ব ব্যাপি জনপ্ৰিয়চনীৰ কেমেৰাত ব্যৱহৃত হয় বিশ্ব বিখ্যাত লেঞ্চ নিৰ্মাতা কাৰ্ল জেইচৰ দ্বাৰা নিৰ্মান কৰা লেঞ্চচনীৰ ডি.এচ.এল.আৰ চিৰিজৰ কেমেৰাৰ নাম হল আলফা ডি.এচ.এল.আৰ
বৰ্তমান সময়ত অৱস্যে সকলোৱে একমুখে স্বীকাৰ কৰে যে, ডি.এচ.এল.আৰ চিৰিজৰ কেমাৰাৰ প্ৰতিস্থিত দুটা ব্ৰেণ্ড হল কেনেন আৰু নাইকনআৰু এটা কথা মন কৰিব যে নাইকন কেমেৰাৰ লেঞ্চৰ দাম কেননৰ তুলনাত কমতথাপিও ফটোগ্ৰাফাৰ সকলৰ ১নং পচন্দ হৈছেকেনন
"পইন্ট এণ্ড চুট"
কেনন পাৱাৰ চুট- A480
10 মেগাপিক্সেল 2.5`` এল.চি.ডি 3.3 এক্স অপটিকেল ঝুম, 9পইন্ট অটো ফকাছ, ডিজিক 3 ইমেজ প্ৰছেছৰ, লাইভ ভি্উ অটকাছ
দামঃ- প্ৰায় ন হাজাৰ টকা
কেনন পাৱাৰ স্বট জি-10

14.7 মেগাপিক্সেল, 3’’ এল.চি.ডি, 5 এক্স অপ্টিকেল ঝুম, 9 পইন্ট অটোফকাছ, ডিজিক 4 ইমেজ প্ৰচেছৰ, লাইভ ভিউ উইথ অটোফকাছ
দামঃ-38 হাজাৰ টকা
কেনন ইকচাচ 95 আই এচ
10মেগাপিক্সেল, 2.5” এল.চি.ডি, 9 পইন্ট অটোফকাছ, ডিজিক 4 ইমেজ প্ৰচেছৰ, লাইভ ভিউ উইথ অটোফকাছ3 এক্স অপটিকেল ঝুম
দামঃ- 16 হাজাৰ 500 টকা 
কেনন ইকচাচ 100 আই এচ
12.1 মেগাপিক্সেল, 2.5” এল.চি.ডি, 9 পইন্ট অটোফকাছ, ডিজিক 4 ইমেজ প্ৰচেছৰ, লাইভ ভিউ উইথ অটোফকাছ3 এক্স অপটিকেল ঝুম
দামঃ-22 হাজাৰ টকা
কেনন ইকচাচ 980 আই এচ
14.7 মেগাপিক্সেল, 2.5” এল.চি.ডি, 3.7 এক্স অপটিকেল ঝুম 9 পইন্ট অটোফকাছ, ডিজিক 4 ইমেজ প্ৰচেছৰ, লাইভ ভিউ উইথ অটোফকাছ
দামঃ- 29 হাজাৰ টকা
নাইকন এল 19
8.0 মেগাপিক্সেল, 2.7” এল.চি.ডি, 3.6 এক্স অপটিকেল ঝুম ডাবল এ বেটাৰী
দামঃ- 11 হাজাৰ টকা
নাইকন এল-20
10.0 মেগাপিক্সেল, 3” এল.চি.ডি, 3.6 এক্স অপটিকেল ঝুম ডাবল এ বেটাৰী
দামঃ- 12 হাজাৰ টকা

চনী চাইবাৰ স্বট এইচ-10 [ চেমি এচ.এল.আৰ]
8.1 মেগাপিক্সেল, 3” এল.চি.ডি, 10 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 18,500 টকা

চনী চাইবাৰ স্বট W-220
12.1 মেগাপিক্সেল, 2.7” এল.চি.ডি, 4 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 15000 টকা

চনী চাইবাৰ স্বট টি-90
12 মেগাপিক্সেল, 3” এল.চি.ডি, 4 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 21000 টকা

চনী চাইবাৰ স্বট টি-700
10.1 মেগাপিক্সেল, 3.5” এল.চি.ডি, 8 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 22,500 টকা

চনী চাইবাৰ স্বট এইচ 50 [চেমি এচ.এল.আৰ]

8.1 মেগাপিক্সেল, 3” এল.চি.ডি, 10 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 2400 টকা

চেমছাং 18
8.3 মেগাপিক্সেল, 2.7” এল.চি.ডি, 5 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 11800 টকা

চেমচাংএনভি 9
10.2 মেগাপিক্সেল, ডাঙৰ এল.চি.ডি, 5 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ-
আলিম্পাচ এফই 25
10.0 মেগাপিক্সেল, 2.4” ডিচপেঞ্চ, 3 এক্স অপটিকেল ঝুম ডাবল এ বেটাৰী
দামঃ- 7, 500 টকা

অলিম্পাচ এফই 300
12 মেগাপিক্সেল, 2.5” এল.চি.ডি, 3 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 15,500 টকা

কোডাক এম 1073 আই এচ
10.2 মেগাপিক্সেল, 2.7” এল.চি.ডি, 3 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 15,500 টকা

কোডাক ভি273
12 মেগাপিক্সেল, 3” এল.চি.ডি, 3 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 21,000 টকা

কোডাক জেড 1012 আইএচ [চেমি এচ.এল.আৰ]
10.1 মেগাপিক্সেল, 2.5” এল.চি.ডি, 12 এক্স অপটিকেল ঝুম ডাবল এ বেটাৰী
দামঃ- 23,500 টকা

ডি.এচ.এল.আৰ


কেনন ই অ এচ 450 ডি (18-55 মি.মি কিট)
12.2 মেগাপিক্সেল, 3’’ এলচিডি, 9 পয়ন্ট অটো ফকাছ3.5 এফপিএচ শুটিং স্পীড, লাইভ ভিউ উইথ অটো ফকাছডিজিক 3 ইমেজ প্ৰচেছৰ
দামঃ- 52,000/_ টকা

কেনন ই অ এচ 50 ডি (17-85 মি.মি. কিট)
15.1 মেগাপিক্সেল, 3’’ এলচিডি, 9 পয়ন্ট অটো ফকাছ, 6.3 এফপিএচ শুটিং স্পীড, লাইভ ভিউ উইথ অটো ফকাছডিজিক 4 ইমেজ প্ৰচেছৰ
দামঃ- 99,000/_ টকা

কেনন ই অ এস 5 ডি মাৰ্ক-2
21.1 মেগাপিক্সেল, 3’’ এলচিডি, 9 পয়ন্ট অটো ফকাছ3.9 এফপিএচ শুটিং স্পীড, লাইভ ভিউ উইথ অটো ফকাছডিজিক -4 ইমেজ প্ৰচেছৰ, এইচডি ভিডিঅকেপচাৰ 1920X1080 ৰিজলিউচন
দামঃ- 1,80,000/_ টকা

নাইকন ডি-40
6.24 মেগাপিক্সেল, 2.5’’ এলচিডি, 15.6X23.7 মি.মি. চেঞ্চৰ চাইজ, লিথিয়াম বেটাৰী
দামঃ- 38,000/_ টকা

10.2 মেগাপিক্সেল, 2.5 এলচিডি, 15.8 X 23.6 চেঞ্চৰ চাইজ, লিথিয়াম বেটাৰী
দামঃ 38,000 টকা

এটা ডিজিটেল কেমাৰা কিনাৰ আগতে কি কি মন কৰিব লাগে ?
| বৰ্তমান সময়ত এটা কেমেৰা ন্যুনতম ৮ মেগাপিক্সেল হোৱাতো উচিত
| তুলনামূলক ভাবে লিথিয়াম আয়ন বেটাৰীৰ চাৰ্জৰ স্থায়ত্ব বেছিসেয়েহে কেমেৰা কিনোতে লিথিয়াম বেটাৰী কেমেৰাক প্ৰাধান্য দিব লাগে
| কেনন, নাইকন, চনী, অলিম্পাচ আদি নামী কোম্পানীৰ কেমেৰা কিনা বহু দিশৰ পৰা নিৰাপদএই সমুহ কোম্পানীৰ লেঞ্চ আৰু চেঞ্চৰ যথেষ্ট উন্নত মানৰ হয়
| আপুনি পচন্দ কৰা কেমেৰাটোৱে আই.এচ. [ISO] কিমানলৈকে সমৰ্থন কৰে চালিজাৰি চাই লবকাৰন কম পোহৰত ফটো তোলোতে এই আই.এচ.অৰ গুৰুত্ব বহুত
| কেমেৰাটোৱে কিমান দূৰ মেমৰী চাপৰ্ট কৰে চাই লব লাগে
| পৰাপক্ষত প্ৰকৃত পৰিবেশক বা এজেন্টৰ পৰা কেমেৰা কিনাতো বেছি নিৰাপদকেমেৰা কিনোতে চাৰ্ভিচ আৰু ৱেৰেন্টী কাৰ্ড লবলৈ নাপাহৰিব
       ওপৰত উল্লেখ কৰা কেমেৰাৰ দাম সমুহ সময়ে সময়ে সলনি হৈ থাকে ইয়াত সাম্ভাব্য দাম সমুহহে উল্লেখ কৰা হৈছে এই সমুহৰ মাজৰ পৰা এটা কেমাৰা নিৰ্বাচন কঁৰোতে এটা কথা মনত ৰাখিব লাগে যে, সকলো নিৰ্ভৰ কৰে আপোনাৰ প্ৰয়োজনৰ ওপৰত আপোনাৰ যদি স্পেচীয়েল ফটো তুলিব লগা হয় বা আপোনাৰ পেশাদাৰী ফটোগ্ৰাফীৰ মন আছে তেন্তে নিশ্চয় ডি.এচ.এল.আৰ লবলৈ ক’ম কিন্তু এমেচাৰ ফটোগ্ৰাফীৰ বাবে বেছি খৰচ নকৰাই শ্ৰেয় বহু সময়ত ডাঙৰ এচ.এল.আৰ কেমেৰা হাৰমালহে হয় ক’ত থম ? কি কৰিম ইত্যাদি নানা সমস্যা সেইবোৰ সমস্যা কম্পেক্ট কেমেৰাত নাই আজিকালি কম্পেক্ট কেমেৰাত ১০ এক্স ঝুম আৰু ১০ মেগা পিক্সেল পোৱাই যায় এনে কেমেৰাৰ বেটাৰিও দীৰ্ঘদিন চলে গতিকে খুব প্ৰয়োজন নহলে কম্পেক্ট কেমেৰা যঠেষ্ট সুবিধজনক

বিঃদ্ৰঃ এই লিখনিৰ লগত উল্লেখ কৰা দাম সমুহ সময় সাপেক্ষহে। সময়ে সময়ে এই সমুহ সলনি হৈ থাকে। গতিকে তৎকালীন দাম সমুহৰ বাবে কেমেৰা নিৰ্মাণ কৰা কোম্পানীৰ ৱেব চাইটত প্ৰৱেশ কৰি চাই লয় যেন।
অন্য লিংকসমুহ:







March 9, 2014

ডিজিটেল কেমেৰাৰ যত্ন আৰু ব্যৱহাৰৰ সাৱধানতা

     
   যি কোনো ইলেকট্ৰনিক ডিভাইছ ব্যৱহাৰ কৰোতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। ডিজিটেল কেমেৰাৰ ক্ষেত্ৰতো এনে কিছু নিয়ম মানি চলিব লাগে। কিছু নিয়ম মানি আপুনি আপোনাৰ কেমেৰাটোক দীৰ্ঘদিন ব্যৱহাৰ উপযোগী কৰি ৰাখিব পাৰে।


     প্ৰথমে এটা বিষয় স্পষ্টকৈ কৈ থোৱা ভাল যে ডিজিটেল কেমেৰাৰ প্ৰযুক্তি অত্যন্ত উন্নত। কমদামী একোটা ডিজিটেল কেমেৰাৰ দাম সাধাৰণ কম্পিউটাৰ এটাকৈও বেছি। ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি কেমেৰা এটা কিমান যত্ন কৰি তৈয়াৰ কৰা বা নিৰ্মাণ কৰা হয়। সাধাৰণতে কেমেৰা নষ্ট হোৱাৰ কোনো কাৰণ নাই। এটা কেমেৰা এজনে ১০/১৫ বছৰলৈকে অনায়সে ব্যৱহাৰ কৰিব পাৰে। আপুনিও পাৰে, যদি কিছু সাৱধানতা অৱলম্বন কৰে।
) ব্যৱহাৰ নকৰা অৱস্থাত কেমেৰাৰ বেটাৰী খুলি থওকঃ
আপুনি যদি দীঘলিয়া দিনৰ বাবে কেমেৰা ব্যৱহাৰ নকৰে, তেন্তে কেমেৰাৰ পৰা বেটাৰী খুলি থওক। স্বাভাৱিক নিয়মমতেই কেমেৰাৰ বেটাৰীৰ চাৰ্জ কমি থাকে। কেমেৰাৰ ভিতৰত বেটাৰী সুমুৱাই থলে কেতিয়াবা কেমেৰাৰ ক্ষতি কৰিব পাৰে।
বেটাৰী থওতে সাৱধান হব যাতে বেটাৰীৰ টাৰমিনাল দুডাল কেতিয়াও কোনো ধাতব পদাৰ্থৰ সংস্পৰ্শলৈ নাহে। ইয়াৰ বাবে কেমেৰাৰ লগতে প্লাষ্টীকৰ ব্ৰেকেট দিয়ে। যদি নাই, অন্য কিবাৰে মেৰিয়াই থওক।
দীৰ্ঘদিন ব্যৱহাৰ নকৰিলে, সম্পূৰ্ণ চাৰ্জ শেষ হোৱাৰ আগতেই বেটাৰী চাৰ্জ কৰিব লাগে।
) কেমেৰা সদায় ধুলি-বালি আৰু আদ্ৰতা মুক্ত স্থানত ৰাখিব লাগে।
কেমেৰা সদায় বেগৰ ভিতৰত থোৱা উচিত।ধূলি-বালি কেমেৰাৰ বাবে অত্যন্ত ক্ষতিকাৰক বস্তু। এচ.এল.আৰ কেমেৰাবোৰত চেঞ্চৰ পৰিস্কাৰ কৰবৰ বাবে মেনেৰ পৰা কমাণ্ড দিয়াৰ ব্যৱস্থা থাকে। নিয়মিয়াকৈ চেঞ্চৰ পৰিস্কাৰ কৰা উচিত। কেতিয়াবা প্ৰয়োজন হলে লেঞ্চ খুলি পৰিস্কাৰ কাপোৰৰে লেঞ্চ পৰিস্কাৰ কৰি লোৱা ভাল। ইয়াৰ বাবে বিশেষ ধৰণৰ কাপোৰ কিনিবলৈ পোৱা যায়।
ইলেকট্ৰনিক যন্ত্ৰাংশ পৰিস্কাৰ কৰিবলৈ বজাৰত একধৰনৰ ক্লীনিংচেট পোৱা যায়। ব্ৰাছ, লিকুইড ইত্যাদিৰ এই চেট ব্যৱহাৰ কৰিব পাৰে। কম্পেক্ট কেমেৰাৰ অৱস্যে লেঞ্চ খুলিব নোৱাৰি।
)প্ৰতিবাৰ ব্যৱহাৰৰ কৰাৰ আগতে মেমৰীকাৰ্ড ফৰ্মেট কৰা উচিত:
পুৰ্বৰ ছবি সমুহ কপি কৰাৰ পাছত নতুন ছবি উঠোৱাৰ আগতে মেমৰীকাৰ্ড ফৰ্মেট কৰি লব লাগে। ইয়াৰ পৰা ফটো নষ্ট হোৱাৰ পৰা ৰক্ষা পৰিব পাৰি। কেমেৰাৰ মেমৰী কাৰ্ড কম্পিউটাৰত ফৰ্মেট নকৰি কেমেৰাৰ মেনুৰ পৰা ফৰ্মেট কমাণ্ড দিব লাগে।
)পানীৰ পৰা কেমেৰা দুৰত ৰাখিবঃ
ৱাটাৰপ্ৰুফ কেমেৰাৰ বাহিৰে সকলো কেমেৰা পানীত নষ্ট হয়। সেয়ে যদি আপোনাৰ কেমেৰা ৱাটাৰপ্ৰুফ নহয়, তেন্তে পানীৰ পৰা দূৰত ৰাখিব। আউটডৰ স্বুটিংৰ সময়ত ৱাটাৰপ্ৰুফ বেগ লগত নিবলৈ নাপাহৰিব। বৰষুণ হলে কেমেৰা সদায় বেগত ভৰাই থব লাগে।
)লেঞ্চ সাৱধানে ৰাখিব:
লেঞ্চ এখনক মানুহৰ চকুৰ লগত তুলনা কৰিব পাৰি।হাতৰে লেঞ্চ কেতিয়াও স্পৰ্শ নকৰিব।কাম শেষ হলেই নেঞ্চৰ ঢাকনী লগাবলৈ নাপাহৰিব।কেতিয়াবা কিবা দাগ দেখিলে কোমল কাপোৰৰে লাহে লাহে মচিব।
কেমেৰাৰ যিকোনো অংশ খোলা মেলা কৰোতে কেমেৰাৰ চুইচ অফ কৰি লব।উদাহৰন স্বৰূপে লেঞ্চ, মেমৰী কাৰ্ড বা বেটাৰী ইত্যাদি। SLR কেমেৰাৰ ক্ষেত্ৰত সঘনে লেঞ্চ খোলামেলা কৰি নথকাই ভাল।
)কেমেৰাৰ বেগ ব্যৱহাৰ:
আপোনাৰ কেমেৰা লগত নিশ্চয় এটা কেমেৰা-বেগ [Strap] দিছে। ডাঙৰ কেমেৰাৰ বাবে কান্ধত ওলোমাই লব পৰা আৰু সৰু কেমেৰা হলে ককালত লব পৰা। এই বেগ সদায় ব্যৱহাৰ কৰিব। নাই যদি এটা নতুন ভাল বেগ কিনি লওক।সদায় ভাল বেগ ব্যৱহাৰ কৰিব।কেমেৰাৰ বেগ সমুহৰ ভিতৰত কোমল পেড দিয়া থাকে বাবে আঘাট লাগিলেও কেমেৰা সহজে নষ্ট নহয় বা ই বহুদুৰ আঘাটৰ পৰা বছাব পাৰে।ইয়াৰ উপৰি কেমেৰা,লেঞ্চ, ফ্লাচ আদিৰ বাবে ধুনিয়াকৈ বেগৰ ভিতৰত ভাগ ভাগ কৰা থাকে বাবেবহু সুবিধা।

কেমেৰাৰ যত্ন লওক, ভাল ফটো উঠাওক।

ফটোগ্ৰাফীৰ অন্যান বিষয় জানিবলৈ তলৰ লিংক সমুহ ক্লীক কৰি চাওক: