June 7, 2013

ফটোগ্ৰাফী শিক্ষা ----৫ [ISO]

আই.এচ.(ISO)
     আই.এচ.অল ফ্লীম বা চেঞ্চৰ কিমান আলোক সংবেদী বা Light Sensitive ।সাধাৰণতে আপোনাৰ মনত প্ৰশ্ন জাগ্ৰত হয় যে এটা কেমাৰাৰ ৰীল যদি বেছি আলোক সংবেদী হয় তেতিয়ানো কি হয়?উত্তৰটো কম পোহৰতে পোহৰৰ লগত বিক্ৰিয়া ঘটাব পাৰে।
আৰু যদি কম আলোক সংবেদী হয় তেন্তে কি হব?উত্তৰ হল ইয়াত আলোক সংবেদন ঘটাবলৈ বহু বেছি পোহৰ, বেছি সময়ধৰি পেলাব লাগিব।
আশাকৰো সময় আৰু পৰিমান কিহৰ সহায়ত নিয়ন্ত্ৰন কৰা হয় সেই বিষয়ে আপোনালোক জ্ঞাত।


কোনোবা এজনে এই আলোক সংবেদী বিষয়টো বুজাবলৈ এটা বৰ সুন্দৰ উপমা দিছিল।[কোনে দিছিল মই কিন্তু নামটো পাহৰিলো।]ধৰক আপুনাৰ কাষলটিৰ তলত আঙুলী সুমুৱাই আপোনাক কোনোবাই কুটকুটাই দিলে।আপুনি এতিয়া হাঁহিত থাকিব পৰা নাই।এতিয়া ধৰক আপুনি এটা গঁড় [বা মন্ত্ৰী হলেও চলে J]ক কুটকুটাই দিলে, কিন্তু গঁড়ৰৰ কোনো খা-খবৰেই নাই। গঁড়ৰ ডাঠ চালৰ বাবে একো অনুভৱেই নকৰে।এতিয়া আমি কব পাৰো আপুনি বেছি কুটকুটনি সংবেদী কিন্তু গঁড় বহু কম কুটকুটনি সংবেদী।

যি নহওক,আকৌ আই.এচ.অলৈ ঘুৰি আহো।ফ্লীম কেমেৰাৰ ক্ষেত্ৰত, চাটাৰস্পীড আৰু এপাৰেচাৰ কেমেৰাৰ সম্পত্তি হলেও আই.এচ.অ কিন্তু কেমেৰাৰ ৰীল অৰ্থাৎ ফ্লীমৰ সম্পত্তি।ৰীল এটা কিনাৰ সময়ত নিশ্বয় শুনিছে ১০০পাৱাৰৰ ৰীল, ২০০ পাৱাৰৰ ৰীল।ৰীলৰ ওপৰতে এইটো লিখা থাকে।ডিজিটেল কেমেৰাৰ ক্ষেত্ৰতো একেই কথা, মাত্ৰ ৰীলৰ সহানত কেমেৰাৰ চেঞ্চৰ।এই ১০০ বা ২০০ হল সেই ৰীলটোৰ আই.এচ.অ।আই.এচ.অৰ মান হব পাৰে ধৰক এনে ধৰণৰ: ১০০,২০০,৪০০,৮০০.১৬০০... ইত্যাদি।মন কৰিব চাটাৰ স্পীড আৰু এপাৰেচাৰৰ দৰে দুগুণ হোৱাৰ কথাটো ইয়াতো আছে।

আই.এচ.অ ১০০ মানে কম আলোক সংবেদী আৰু ৮০০ মানে বেছি আলোক সংবেদী। যত বেছি পোহৰ থাকে[ধৰক, বিয়াঘৰ বা দিনত ৰদৰ পোহৰত]তাত আমাৰ বেছি আলোক সংবেদনৰ প্ৰয়োজন নাই।গতিকে আই.এচ.অ ১০০ বা ২০০ ব্যৱহাৰ কৰো।আকৌ ধৰক ৰাতিৰ অন্ধকাৰত জ্বলিথকা মম এডালৰ ফটো উঠাবলৈ ৮০০ বা ১৬০০ আই.এচ.অৰ প্ৰয়োজন হয়।
 

আই.এচ.অ বঢ়োৱাৰ অসুবিধাও আছে।ঝামেলাটো হল আই.এচ.অ যিমান বঢ়োৱা হয় ফটোত gain বা noise বেছি অহিব।গতিকে অই.এচ.অ বঢ়োৱাৰ ক্ষেত্ৰত কিছু সাৱধান.... !!

আজিলৈ ইমানতে সামৰিলো।মোৰ আগৰ পষ্ট সমুহ পঢ়ি যি সকলে ভাল পোৱা বুলি জনাইছিল, তেখেত সকলৰ অনুপ্ৰেৰণাতে এই লিখনি লিখিবলৈ সাহস পালো।


বি:দ্ৰ:এই পষ্ট মোৰ মৌলিক লিখনিৰ নহয়।ইন্টাৰনেটৰ পৰা সংগ্ৰহৃত তথ্যৰ অনুবাদহে।
সকলোলৈকে ধন্যবাদ।


No comments:

Post a Comment