June 12, 2013

ভাল ফটোগ্ৰাফীৰ ১০টা টিপচ।

ভাল ফটোগ্ৰাফাৰৰ বাবে ১০টা টিপচ
ফটোগ্ৰাফীত পাৰদৰ্শিতা অৰ্জনৰ বাবে বহু কথাই শিকিব লগা হয়।কিতাপ পঢ়ি, ইন্টাৰনেট, ভাল ফটোগ্ৰাফাৰৰ কৰ্ম চাইও বহু কথা শিকিব পাৰি।ফটোগ্ৰাফীত দক্ষতা অৰ্জন কৰাৰ কিছু টিপচ সম্পৰ্কে ইয়াত আলোচনা কৰিব ওলাইছো।এইবোৰ মোৰ মৌলিক লিখনি নহয় বা ফটোগ্ৰাফী সম্পৰ্কে জ্ঞাণ দিবলৈ মোৰ সাহসো নাই।ভিভিন্নজনৰ পৰামৰ্শ সমুহ মাত্ৰ মই গোটাই ৰাইজলৈ অসমীয়াত আগবঢ়াই দিছো।


১]নিজৰ দুৰ্বলতা বিচাৰি উলিয়াওক:
কি কি কামত আপুনি পাৰদৰ্শী নহয়, তাৰ এখন তালিকা প্ৰস্তুত কৰক।সেই কামবোৰ এটা এটাকৈ নিজৰ আয়ত্বলৈ আনিবলৈ চেষ্টা কৰক।এটা কামত পাৰদৰ্শী হৈ উঠিলে পৰৱৰ্তী কামটোৰ অভ্যাস কৰক।


২]ফটোতুলি অসন্তুষ্ট হ'লে ন'হব:
কোনো এখন ফটোতুলি ভাল নহলে তাক বাদ নিদিব।আৰু সময় দিব লাগিব ফটোখনৰ বাবে।বাৰে বাৰে আকৌ চেষ্টা কৰক ফটোখন তুলিবৰ বাবে।

]নিজে নিজে পৰীক্ষা নিৰীক্ষা চলাওক:

কোনো এটা বিষয়ৰ ফটো কিভাৱে তুলিলে ভাল হয় সেই সিদ্ধান্ত নিজে নিজে লোৱা আৰু সেই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিব লাগিব।

৪]নতুন নতুন বিষয়ৰ সন্ধান কৰক:
সকলো সময়তে নতুন বিষয়, প্ৰকৃতিৰ অনুসন্ধান চলাই যাব লাগিব।অনাবিস্কৃত সৌন্ধৰ্যৰ আবিস্কাৰ কৰিব লাগিব।
৫]ধৰ্য্য ধৰি, সময়লৈ ফটো তোলক:

ফটাফট ফটো তোলাৰ সলনি কিছু সময়লৈ ফটো তোলক।এখন ফটো এবাৰ নহয় কেইবা বাৰো তোলক। দেখিব আপুনি ভাল ফল লাভ কৰিছে।
]সৌন্ধৰ্য্যৰ সন্ধান কৰক:
অন্য কোনো ভাল ফটোগ্ৰাফাৰৰ কৰ্ম্ম, আলোচনী ইত্যাদিৰ পৰা ভিন্নধৰ্মী আইডিয়া আপোনাৰ মগজুলৈ আহিব পাৰে।যিবোৰ ভাল লাগে সেইবোৰ অনুসৰণ কৰক।নকল নহয়, জ্ঞাণ আহৰণৰ উদ্দ্যেশে এই কাম কৰক।
]বিশেষ বিশেষ আৰু বিখ্যাতলোকৰ ফটোৰ পৰা শিক্ষা লওক।


বিশ্বৰ বিখ্যাৎ ফটোগ্ৰাফাৰ সকলৰ কৰ্মৰ ধাৰা, নিজস্ব বৈশিষ্ট্যমণ্ডিত কৰ্মাৱলীৰ পৰা বহু কথা শিকিব পৰা যায়।মনতে ভাবিৱ লাগে যে,    তেখেতে ইমান সুন্দৰ সুন্দৰ ফটো তুলিছে যেতিয়া, মই কিয় নোৱাৰিম?

]বাৰে বাৰে ফটো তোলক:
আছলতে নিজৰ ভুলৰ পৰা আতাইতকৈ সোনকালে শিক্ষা লোৱা সম্ভৱ।সেইবাবে বাৰে বাৰে ফটো তুলি ফটোৰ কোনবোৰ অংশ বা বিষয় ভাল লগা নাই তাক বিশ্লেষণ কৰি উলিয়াই, আকৌ ফটো তোলোতে তোলোতে দেখিব আপুনি এদিন সচাকৈ এজন ভাল ফটোগ্ৰাফাৰ হৈ পৰিছে।
]ফটোগ্ৰাফী ত্যাগ নকৰিব:
আছল কথা হল ফটোগ্ৰাফাৰ হবলৈ যঠেষ্ট সময়ৰ প্ৰয়োজন হয়।কিছুদিন চেষ্টা কৰাৰ পাছতেই ভাল ফটো তুলিব পৰানাই বুলি ফটোগ্ৰাফী ত্যাগ কৰিলে নহব।ধৰ্যধৰি নিয়মিত অনুশীলনী কৰাই সফলতাৰ চাবি-কাঠি।

১০]যদিহে আপুনি এজন নশিকাৰু তেন্তে আনক পৰামৰ্শ দিবলৈ নাযাব

যদিহে আপুনি এজন নশিকাৰু তেন্তে আনক পৰামৰ্শ দিবলৈ নাযাব।যদিহে আপুনি এজন প্ৰলেভেল ফটোগ্ৰাফাৰ, তেন্তে আপুনি আপোনাৰ বহুমূলীয়া অভিজ্ঞতা আনৰ লগত স্বেয়াৰ কৰক।যি আপোনাৰ সহায় বিচাৰে তেখেতক যি পাৰে সহায় কৰক।


জাহ্নৱী: অসমীয়া বানান পৰীক্ষক আৰু দ্ৰুত লিখন সঁজুলী।




June 7, 2013

ফটোগ্ৰাফী শিক্ষা ----৫ [ISO]

আই.এচ.(ISO)
     আই.এচ.অল ফ্লীম বা চেঞ্চৰ কিমান আলোক সংবেদী বা Light Sensitive ।সাধাৰণতে আপোনাৰ মনত প্ৰশ্ন জাগ্ৰত হয় যে এটা কেমাৰাৰ ৰীল যদি বেছি আলোক সংবেদী হয় তেতিয়ানো কি হয়?উত্তৰটো কম পোহৰতে পোহৰৰ লগত বিক্ৰিয়া ঘটাব পাৰে।
আৰু যদি কম আলোক সংবেদী হয় তেন্তে কি হব?উত্তৰ হল ইয়াত আলোক সংবেদন ঘটাবলৈ বহু বেছি পোহৰ, বেছি সময়ধৰি পেলাব লাগিব।
আশাকৰো সময় আৰু পৰিমান কিহৰ সহায়ত নিয়ন্ত্ৰন কৰা হয় সেই বিষয়ে আপোনালোক জ্ঞাত।


কোনোবা এজনে এই আলোক সংবেদী বিষয়টো বুজাবলৈ এটা বৰ সুন্দৰ উপমা দিছিল।[কোনে দিছিল মই কিন্তু নামটো পাহৰিলো।]ধৰক আপুনাৰ কাষলটিৰ তলত আঙুলী সুমুৱাই আপোনাক কোনোবাই কুটকুটাই দিলে।আপুনি এতিয়া হাঁহিত থাকিব পৰা নাই।এতিয়া ধৰক আপুনি এটা গঁড় [বা মন্ত্ৰী হলেও চলে J]ক কুটকুটাই দিলে, কিন্তু গঁড়ৰৰ কোনো খা-খবৰেই নাই। গঁড়ৰ ডাঠ চালৰ বাবে একো অনুভৱেই নকৰে।এতিয়া আমি কব পাৰো আপুনি বেছি কুটকুটনি সংবেদী কিন্তু গঁড় বহু কম কুটকুটনি সংবেদী।

যি নহওক,আকৌ আই.এচ.অলৈ ঘুৰি আহো।ফ্লীম কেমেৰাৰ ক্ষেত্ৰত, চাটাৰস্পীড আৰু এপাৰেচাৰ কেমেৰাৰ সম্পত্তি হলেও আই.এচ.অ কিন্তু কেমেৰাৰ ৰীল অৰ্থাৎ ফ্লীমৰ সম্পত্তি।ৰীল এটা কিনাৰ সময়ত নিশ্বয় শুনিছে ১০০পাৱাৰৰ ৰীল, ২০০ পাৱাৰৰ ৰীল।ৰীলৰ ওপৰতে এইটো লিখা থাকে।ডিজিটেল কেমেৰাৰ ক্ষেত্ৰতো একেই কথা, মাত্ৰ ৰীলৰ সহানত কেমেৰাৰ চেঞ্চৰ।এই ১০০ বা ২০০ হল সেই ৰীলটোৰ আই.এচ.অ।আই.এচ.অৰ মান হব পাৰে ধৰক এনে ধৰণৰ: ১০০,২০০,৪০০,৮০০.১৬০০... ইত্যাদি।মন কৰিব চাটাৰ স্পীড আৰু এপাৰেচাৰৰ দৰে দুগুণ হোৱাৰ কথাটো ইয়াতো আছে।

আই.এচ.অ ১০০ মানে কম আলোক সংবেদী আৰু ৮০০ মানে বেছি আলোক সংবেদী। যত বেছি পোহৰ থাকে[ধৰক, বিয়াঘৰ বা দিনত ৰদৰ পোহৰত]তাত আমাৰ বেছি আলোক সংবেদনৰ প্ৰয়োজন নাই।গতিকে আই.এচ.অ ১০০ বা ২০০ ব্যৱহাৰ কৰো।আকৌ ধৰক ৰাতিৰ অন্ধকাৰত জ্বলিথকা মম এডালৰ ফটো উঠাবলৈ ৮০০ বা ১৬০০ আই.এচ.অৰ প্ৰয়োজন হয়।
 

আই.এচ.অ বঢ়োৱাৰ অসুবিধাও আছে।ঝামেলাটো হল আই.এচ.অ যিমান বঢ়োৱা হয় ফটোত gain বা noise বেছি অহিব।গতিকে অই.এচ.অ বঢ়োৱাৰ ক্ষেত্ৰত কিছু সাৱধান.... !!

আজিলৈ ইমানতে সামৰিলো।মোৰ আগৰ পষ্ট সমুহ পঢ়ি যি সকলে ভাল পোৱা বুলি জনাইছিল, তেখেত সকলৰ অনুপ্ৰেৰণাতে এই লিখনি লিখিবলৈ সাহস পালো।


বি:দ্ৰ:এই পষ্ট মোৰ মৌলিক লিখনিৰ নহয়।ইন্টাৰনেটৰ পৰা সংগ্ৰহৃত তথ্যৰ অনুবাদহে।
সকলোলৈকে ধন্যবাদ।