অসমীয়া ফটো ব্লগ।এই ব্লগত সকলোবোৰ অসমীয়া ইউনিক'ডত লিখাৰ চেষ্টা কৰা হৈছে।মোৰ ক্ষুদ্ৰ জ্ঞানৰে কেমেৰা আৰু ফটোগ্ৰাফী সম্পৰ্কে কিছু লিখিবলৈ চেষ্টা কৰিছোঁ। এয়া মোৰ মৌলিক লিখনি বুলি কেতিয়াও দাবি কৰিব নোৱাৰো।বিভিন্ন কিতাপ,আলোচনী আৰু ইন্টাৰনেটৰ বিভিন্ন ব্লগ আৰু চাইতৰ পৰা সংগ্ৰহ কৰা সমল সমুহ মাত্ৰ মাতৃভাষালৈ অনুবাদহে কৰিছোঁ। আপোনালোকৰ দিহা-পৰামৰ্শ আশা কৰিলোঁ।
লেবেল
Assamese actress
(1)
ASSAMESE DRAMA
(2)
assamese Egreetings
(2)
assamese model
(7)
Assamese Models
(4)
Assamese Models with Chadar-Mekhela
(4)
Assamese song
(3)
Assamese Video
(2)
bihu
(4)
Biswanath Chariali
(5)
Biswanath Ghat
(1)
Macro Photography
(1)
অসম
(1)
অসমীয়া
(1)
অসমীয়া অভিনেত্ৰী
(2)
অসমীয়া গীত
(3)
অসমীয়া নাটক
(2)
অসমীয়া মডেল
(1)
অসমীয়া শুভেচ্ছা পত্র
(2)
গ্রহণ
(1)
দুৰ্গা পূজা
(1)
পূজাৰ আলোকচিত্ৰ
(1)
ফটোগ্রাফী শিক্ষা
(11)
ফাকুৱা
(1)
বিশ্বনাথ চাৰিআলি
(5)
বিহু
(5)
বিহু bihu
(3)
হ'লী
(1)
হাতৰ সুচল
(1)
December 11, 2011
December 8, 2011
September 29, 2011
August 30, 2011
ফটোগ্রাফী শিক্ষা--২
সম্পুর্ণ ফটো তোলক :
আপুনি এখন সুন্দৰ ফুলৰ ফটো উঠাব বিছাৰে। বহুটো ফুলৰ মাজত এটা বিশেষ ফুল আপোনাৰ বাবে গুৰুত্বপুর্ণ।আপুনি কিন্তু ফটোখন উঠোৱাৰ পাছত আপুনি যাকেই ফটোখন দেখুৱাইছিল, তেখেত সকলে কিন্তু সেই ফুলপাহক কোনো গুৰুত্বই নিদিলে।আপুনি লক্ষ্য কৰিলেনে যে আপোনাৰ প্রিয় ফুলটো সকলোৰে বাবে গুৰুত্বহীন হৈ পৰিল। কাৰণ আপুনি ফটোখনেই তেনেকৈ তুলিছে। যদি ফুলৰ ফটো তোলে তেন্তে যিমান পাৰে ওছৰলৈ গৈ ফটো তোলক। এনেকুৱাকৈ তোলক যাতে ফটোখনৰ বেছিঅংশ জুৰি থাকে আপোনাৰ ফুলপাহ। বাকিবোৰ ফুলৰ কাম হ’ব সেই বিশেষ ফুল পাহক ফুটাই তোলা।
ফুল নহৈ যদি কোনো বিশেষ বস্তু ,আনকি কোনো ব্যক্তিৰ বিষয়েও হয় তেতিয়াও এই নিয়মতে ফটো উঠাওক। আপুনি ভাবিৱ পাৰে যে ফটো তোলাৰ পাছত ফটোচপ(Photoshop)ত কাষৰ অলাগতিয়াল বস্তু সমুহ বাদ দিব পাৰি দেখোন! সেইটো নকৰি এনেভাবেই ফটোতোলাৰ অভ্যাস কৰক।ফটোগ্রাফিৰ ক্ষেত্রত এটি বিক্ষ্যাৎ উক্তি হৈছে, “....ফটো বেয়া হৈছে কাৰণ আপুনি যথেষ্ট ওছৰলৈ যোৱা নাই।" গতিকে যিমান পাৰে ওছৰলৈ যাওক,নতুবা লেঞ্চ সলনি কৰক অথবা জুম ব্যৱহাৰ কৰক।
পোর্ট্রেট মুডত ছবি উঠাওক :
সাধাৰণতে অধিকাংশ ফটোৱেই তোলা হয় লেন্ডস্কেপ মুডত, কাষত বেছি ঠাই খালি ৰখি। অথচ কেমেৰাটো ঘুৰাই সেই ফটোখনকেই ঠিয়কৈ উঠাব পাৰি। এজন ঠিয়হৈ থকা ব্যক্তিৰ ফটো লেণ্ডস্কেপ মুডত তুলিলে কাষত বহুটো খালি ঠাই থাকি যায়।অথচ ঠিয়কৈ তুলিলে তাক আৰু সুন্দৰকৈ প্রকাশ কৰিব পৰা যায়। নাপাহৰিব সেই কাৰনেই ইয়াৰ নাম “পোর্ট্রেট মুড”। এখন ফটো কেনেকৈ উঠালে ভাল হ’ব তাৰ কোনো ধৰা-বন্ধা নিয়ম নাই।একেই ফটো যিকোন ভাবেই সুন্দৰ হব পাৰে।
ফটোগ্রাফী শিক্ষা--১
কেমেৰা ভাল হলে ফটো ভাল হয়। কথাটা কিছু সত্য । কিন্তু সাধাৰণ কেমেৰা ব্যবহাৰ কৰিও সুন্দৰ ফটো উঠোৱাৰ বহু উদাহৰণ আছে। দামী ‘এচ এল আৰ’ কেমেৰাই হওঁক বা সাধাৰণ ‘এইম এণ্ড ক্লিক’ কেমেৰা হওঁক অথবা মোবাইল ফোনৰ কেমেৰাই হওঁক কিছু নিয়ম মানিলে যি কোনো লোকেই ভাল ফটো উঠাব পাৰিব। পেশাদাৰ ফটোগ্রাফাৰ সকলে যিবোৰ নিয়ম মানি ফটো তোলে, সেই বোৰ কিছু জানি লওক।
ছবিৰ বিষয় ঠিক কৰক।
ত্রি-তত্ত্ব (rule of three):
ফটো উঠাবৰ সময়ত সাধাৰণ ফটোগ্রাফাৰে দিগন্তৰখা ফটোখনৰ মাজত ৰাখি ফ্রেম কৰে।অর্থাৎ আপোনাৰ সন্মুখত যদি এখন পথাৰ আৰু আকাশ থাকে তেতিয়া আধাখিনি স্থান আকাশৰ বাবে আৰু আধাখিনি পথাৰৰ বাবে সমানে দুভাগ কৰি লয়।কিংবা সমুদ্র আৰু আকাশ থাকে তেনেহলে আধা আকাশ আৰু আধা পানী এই ধৰণে ফটো উঠায়। ইয়াক বহুতে এখন ড্র খেলৰ লগত তুলনা কৰে।কোন বিজয়ী জনা নাযায়। ই কিন্তু ফটোগ্রাফিৰ এটি গুৰুত্বপুর্ন নিয়ম “ৰুল অব থ্রিৰ পৰিপন্থী”।হাজাৰ বছৰ ধৰি এই “ৰুল অব থ্রি” প্রচলিতহৈ আহিছে। নিয়ম হৈছে, বিষয়ৰ গুৰুত্ব অনুযায়ী দুভাগ এজনক আৰু বাকি এভাগ আনজনক দিয়ক ।যদি সমুদ্র গুৰুত্বপুর্ণ তেন্তে দিগন্তৰেখা দুভাগৰ ওপৰত ৰাখক, যদি আকাশ গুৰত্বপুর্ণ হয় তেন্তে আকাশৰ বাবে তিনি ভাগৰ দুভাগ দিয়ক।অনায়সে এখন সুন্দৰ ফটো পোৱা যাব।
Subscribe to:
Posts (Atom)